অজন্তা নেওগক যুদ্ধৰ সময়ত মাতৃভূমি এৰি পলায়ন কৰা সৈনিক আখ্যা বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ

Pic

প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানি মঙলবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰা কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বৰ্তমানৰ বিধায়িকা অজন্তা নেওগক নতুন যাত্ৰাৰ বাবে শুভেচ্ছা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বাইদেউ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিক আছিল।যুদ্ধৰ সময়ত যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিব নালাগিছিল।যদি কিবা হৈছিল,তেওঁ আগশাৰীৰ নেতা হিচাপে সমস্যা সমাধান কৰিব লাগিছিল।কিন্তু তাকে নকৰি তেওঁ গুচি গৈছে বুলি উল্লেখ কৰি শইকীয়াই কয়- "মাতৃভূমিৰ বাবে যেতিয়া সৈনিকে যুদ্ধ কৰে,প্ৰকৃত যোদ্ধাই কেতিয়াও মাতৃভূমি এৰি পলায়ন নকৰে।দলত্যাগ কৰি বিসম্বাদ-লবী এইবোৰ ক'লে ভাল নালাগে।"

"কংগ্ৰেছৰ নিৰ্বাচিত সদস্যই মোক বিৰোধী দলৰ দলপতি পাতিছে বাবে আছোঁ।মোৰ কংগ্ৰেছৰ সদস্যৰ যিটো মৰ্যদা আছে বাকী সকলৰো একেই"-শইকীয়াই কয়।

ইফালে,বিৰোধী দলপতি হৈ আছে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়-"চৰকাৰীভাৱে স্বীকৃতি পাওঁ নাপাওঁ সেয়া পিছৰ কথা,কিন্তু অসমত ভেন্সাৰ স্কুল বহুত আছে।য'ত শিক্ষা গ্ৰহণ কৰি বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে।ময়ো চৰকাৰী স্বীকৃতি নাথাকিলেও ভেন্সাৰ স্কুলৰ শিক্ষকৰ দৰে কংগ্ৰেছৰ নীতি-আদৰ্শ আগত লৈ আগবাঢ়ি যাম আৰু বিজেপিৰ নীতিৰ বিৰোধিতা কৰি যাম।"

Your Comments