হাইদৰাবাদ আৰু দিল্লী বিমানবন্দৰ সাজু হৈছে ক’ভিড ভেকচিনৰ পৰিবহণৰ বাবে

Pic

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডাঠি কৈছিল যে কেইসপ্তাহ মানৰ ভিতৰতে যিকোনো এটা ক’ভিড ভেকচিন প্রস্তুত হৈ ওলাব ৷ তাৰ লগে লগে দিল্লী আৰু হায়দৰাবাদ বিমানবন্দৰৰ বিমান পৰিবহন পৰিসেবাসমূহে অত্যাধুনিক সময় আৰু তাপমাত্রা-সংবেদনশীল বিতৰণ ব্যৱস্থাৰ মাধ্যমেৰে বিতৰণৰ গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ প্রস্তুত হৈছে । সেই অনুসাৰে দিল্লী বিমানবন্দৰত বিশ্ব-মানদণ্ডৰ সা-সুবিধাৰে দুটা কার্গ’ টার্মিনেল আছে য’ত তাপমাত্রা-সংবেদনশীল কার্গ’ পৰিচালনা কৰিবৰ বাবে জিডিপি (Good Distribution Practice) -প্ৰমাণিত তাপমাত্রা-নিয়ন্ত্রণৰ সুবিধা প্ৰদান কৰে ।

Pic

আনহাতে, জি.এম.আৰ. হাইদৰাবাদ এয়াৰ কাৰ্গ’ (GHAC) দেশৰ এটা ভেকচিন উৎপাদন কৰা অঞ্চলৰ কেন্দ্রত অৱস্থিত ৷ এই বিমানবন্দৰটো বিশ্ব ভেকচিন লজিষ্টিকৰ এক মূল অংশীদাৰ । এই বন্দৰত আধুনিক তাপমাত্ৰা সংবেদনশীল ফাৰ্মা, ভেকচিন সংৰক্ষণৰ ঠাই আৰু প্ৰচেছিঙৰ বাবে সুবিধা আছে ৷

Your Comments