লুৰীন আঁতৰিল:দীপাংক-শংকৰৰ নেতৃত্বত 'আছু'ৰ নতুন সমিতিৰ দায়িত্ব-শপত গ্ৰহণ

Aasu

সোমবাৰে শপত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে।গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দায়িত্ব আৰু শপত গ্ৰহণ কাৰ্যসূচীত নৱ-নিৰ্বাচিত সভাপতি দীপাংক নাথ,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰমুখ্যে নৱ-নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় বিদায়ী সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে।

আছুত দ্বিতীয়বাৰৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি দীপাংক নাথে কয়-"ৰাজ্যত কা'ৰ বিৰুদ্ধে পুনৰ তীব্র সংগ্রাম হ'ব।ক'ৰ'নাৰ বাবে স্থগিত হৈ থকা আন্দোলন পুনৰ আৰম্ভ হ'ব।"

Aasu

আনহাতে বিগত ৯ মাহে ৰাজ্যত বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰাৰ বাবে চৰকাৰক আহ্বান জনাই সভাপতিগৰাকীয়ে কয়-"ৰাজ্যত ক'ভিডৰ পৰিসংখ্যা চাই চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ ব্যৱস্থা কৰক।ছাত্ৰ-ছাত্ৰীৰ লোকচান হোৱা শৈক্ষিক দায়িত্ব গ্ৰহণ কৰিব লাগিব চৰকাৰে।"ছেবাৰ সৈতে কথা পাতি বিষয়টো আছুৱে আগবঢ়াই নিব বুলিও তেওঁ লগতে কয়।

দায়িত্ব গ্ৰহণ কৰি পুৰণি কাৰ্যনিৰ্বাহকৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ধন্যবাদ জনাই নাথে কয়-"আগন্তক দিনসমূহত দিহা-পৰামৰ্শ প্ৰদান কৰিব।"


সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাই কা'-নদীবান্ধ বিৰোধী আন্দোলন তীব্রতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে।তেওঁ কয়-"অসমবাসীয়ে কা' আন্দোলনক লৈ আছুৰ মুখলৈ চাই আছে।ক'ৰ'নাই স্থবিৰ কৰা সংগ্রাম আছুৱে আগবঢ়াই নিনিলে অসমবাসীয়ে মনত দুখ পাব।"

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক স্তৰত থাকি যোৱা বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে দীৰ্ঘকালীন পৰিকল্পনা যুগুত কৰাৰ বাবেও আছুৱে প্ৰচেষ্টা চলাব বুলি বৰুৱাই কয়।


নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰায় ৬০ গৰাকী সদস্যই আজি শপতগ্ৰহণ কৰে।

Your Comments