প্ৰয়োজনত বিজেপিয়ে বিপিএফক বোকোচাত ল'লে,আজি দলিয়াই দিছে-ৰিপুন বৰা

Ripun Bora

*বড়ো ৰাজনীতিত বিভাজন আৰম্ভ কৰিলে বিজেপিয়ে- বৰা*


বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহা লগে-লগে তুংগ উঠিছে ৰাজনৈতিক দলবোৰৰ মাজত প্ৰচাৰ অভিযান।ভোটাৰক আকর্ষণ কৰা বাবে ৰাজনৈতিক দলবোৰে নিতৌ ন-ন কৌশল অৱলম্বন কৰিছে।ৰাজনৈতিক আক্ৰমণ প্ৰতি আক্ৰমণত সৰৱ হৈছে কংগ্ৰেছ-বিজেপি।

বিজেপি বিশ্বাসঘাটকৰ দল বুলি তীক্ষ্ণ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।ৰাইজক বিশ্বাসঘাটক সকলো দিশৰ পৰা কৰা পাছত বিপিএফকো এৰি নিদিলে বুলি লগতে কয়।

'১৬ত চৰকাৰ গঠন কৰাৰ বাবে তেওঁলোকক বিপিএফক দৰকাৰ হল।তেওঁলোকক বোকোচাত লৈ চৰকাৰ গঠন কৰিলে।চৰকাৰ যাবলৈ তিনিমাহৰ সময়ত 'ইউজ এণ্ড থ' নীতি ব্যৱহাৰ কৰি দলিয়াই দিলে-বৰাই কয়।

বিজেপি সদায় বিভাজন নীতি।তেওঁলোকে বড়ো ৰাজনীতিক বিভাজন কৰি পেলালে।বিটিছৰ ডিভাইড এণ্ড ৰোল নীতি এতিয়া বিজেপিত বুলি উল্লেখ কৰি বৰাই কয়- পূৰ্বতে বিটিচিত হাগ্ৰামাই সকলো কিন্তু এতিয়া বিজেপিয়ে ইউ পি পি এলক উঠাই প্ৰমোদ বড়োক উলিয়াই বড়ো ৰাজনীতিত বিভাজন আনিলে।

বিজেপি-বিপিএফৰ মাজত এতিয়া পিঠা-ভাগ বটোৱা কাজিয়া।মিলি জুলি সকলোৱে খালে এতিয়া দেখুৱাই কাজিয়া বুলিও সভাপতিগৰাকীয়ে কয়।অসমৰ ভিজন ডকোমেণ্টৰ প্ৰতিশ্ৰুতি কিমান পূৰণ হল ৰাইজে দেখিলে।এতিয়া আকৌ বিটিচিত প্ৰতিশ্ৰুতি। যি মূলা বাঢ়ে তাৰ দুটা পাততে চিন।লগতে তেওঁ কয়।

বিজেপি দলত ঘোষিত আৰু আঘোষিত মুখ্যমন্ত্ৰীৰ যুঁঁজ এতিয়া।সোণোৱাল ঘোষিত মুখ্যমন্ত্ৰী তেওঁ বিপিএফক সমৰ্থন কৰে আৰু আঘোষিত গৰাকীয়ে ইউ পি পি এলক প্ৰমোট কৰিছে বুলিও বিস্ফোৰণ ঘটাই কংগ্ৰেছ নেতাগৰাকীয়ে।

Your Comments