'চাণক্য' আহমেদ পেটেলৰ বিয়োগ কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি

Ahmed Patel

কংগ্ৰেছ দলৰ চাণক্য হিচাপে পৰিচিত আহমেদ পেটেলৰ অকাল বিয়োগ দলটোৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে।উল্লেখ যে কোভিড আক্রান্ত হৈ এমাহ চিকিৎসাধীন হৈ থকাৰ পিছত ২৫ নৱেম্বৰৰ পুৱতি নিশা তেওঁৰ বিয়োগ ঘটে।বৰ্তমান কংগ্ৰেছৰ কোষাধ্যক্ষ পদত থকা ৰাজ্যসভা সাংসদ পেটেল ছোনিয়া  গান্ধী-ৰাহুল গান্ধীৰ মুখ্য পৰামৰ্শদাতা আছিল।কংগ্ৰেছ ২০০৪ আৰু ২০০৯ চনত কেন্দ্ৰত শাসনলৈ অহাৰ ক্ষেত্ৰত পেটেলৰ ৰণনীতিয়ে অন্যতম ভূমিকা পালন কৰিছিল।গান্ধী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ আহমেদ পেটেলে শেহতীয়াকৈ ৰাজস্থানত শচীন পাইলটৰ বিদ্ৰোহ সফলতাৰে দমন কৰিছিল আৰু পাইলটক দলতে ৰাখিবলৈ সক্ষম হৈছিল।

 

Your Comments