ৰাজ্যত প্ৰথমটো মহিলা ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ

Mohilar Dol

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত জন্ম হৈছে নতুন নতুন ৰাজনৈতিক দলৰ।গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে আত্মপ্ৰকাশ ঘটে ৰাজ্যৰ প্ৰথমটো মহিলা ৰাজনৈতিক দলৰ।অসমৰ সকলো শ্রেণী মহিলাৰ বাবে দলটো গঠন কৰা বুলি দলৰ নেতৃত্বই উল্লেখ কৰে।

'মহিলাৰ দল' নামেৰে নামাকৰণ কৰা ৰাজনৈতিক দলটোৱে প্ৰথম পৰ্যায়ত আগন্তক বিধানসভা নিৰ্বাচনত মুঠ পাঁচটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব।লখিমপুৰ লোকসভা সমষ্টিৰ চাৰিটা বিধানসভা আৰু শোণিতপুৰ জিলাৰ এটা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছে।দলৰ নেতৃত্বই এই বিষয়ে উল্লেখ কৰিছে।

মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গঠিত ৰাজনৈতিক দলটোৱে ৰাজ্যৰ মুঠ ৪১টা গুৰুতৰ সমস্যা সমাধান কৰাৰ লক্ষ্য আগত ৰাখিছে।

Your Comments