উত্তৰ প্ৰদেশৰ লখনৌত ক'ৰ'না আক্ৰান্তসকলৰ বাবে নতুন সংকট কেনে ধৰণৰ?

U.P

উত্তৰ প্ৰদেশৰ ৰাজধানী লখনৌত ক'ৰ'না আক্ৰান্তসকলৰ বাবে নতুন সংকট।মহানগৰখনত বায়ু প্ৰদূষণ যথেষ্ট বৃদ্ধি পোৱাটো ক'ৰ'না আক্ৰান্তসকলৰ বাবে অতি চিন্তাৰ কাৰণ হৈছে।উল্লখ্য যে প্ৰদূষিত বায়ুয়ে ক'ৰ'না আক্ৰান্তসকলৰ স্বাস্থ্যৰ অৱস্থা কম সময়ৰ ভিতৰতে গুৰুতৰ কৰি তুলিব পাৰে।অত্যধিক প্ৰদূষিত বায়ু ৮ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলৰ স্বাস্থ্যৰ বাবেও বিশেষভাৱে ক্ষতিকাৰক।বৰ্তমান লখ্নৌত বায়ুৰ গুণাগুণৰ মাত্ৰা ৪০০ ৰ ওপৰ হৈছিগৈ,যি স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে।

Your Comments