ৰাতিৰ ভিতৰতে গণেশগুৰিৰ উৰণীয়া সেতুৰ পৰা আঁতৰিল গুৰু আসন,কিন্তু গামোচা-শৰাইৰ কি হ'ব?

Flyover

ৰাইজৰ তীব্ৰ বিৰোধিতা তথা সামাজিক মাধ্যমত চৰকাৰক তীক্ষ্ণ সমালোচনাত গা লৰিল ৰজাঘৰৰ।গণেশগুৰিৰ নৱ-নিৰ্মিত, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা উৰণীয়া সেতুৰ পৰা আঁতৰাব লগা হ'ল গুৰু আসন।অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি ১৯ মাহতে সম্পূৰ্ণ কৰা নৱ- নিৰ্মিত ৪২৫.৫মিটাৰ  দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনৰ দেৱালত অংকন কৰা হৈছিল অসমীয়া জাতীয় জীৱনৰ বিভিন্ন কৃষ্টি-সংস্কৃতি তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মানৰ প্ৰতীক।তাৰ ভিতৰত অসমীয়া স্বাভিমানৰ গুৰু আসনখনকো অংকন কৰিছিল উৰণীয়া সেতুখনৰ দেৱালত।গুৰু আসনখন অংকন কৰাৰ কথা সামাজিক মাধ্যমৰ লগতে বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে গুৰু আসনখন মচি পেলোৱাৰ দাবী তুলি বিভিন্নজনে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছিল।ৰাইজৰ তীক্ষ্ণ সমালোচনাৰ পিছতে উদ্বোধন কৰা কেইটামান ঘণ্টাৰ পিছতে গুৰু আসনখন উৰণীয়া সেতুখনৰ দেৱালৰ পৰা মচিবলৈ বাধ্য হয় অসম চৰকাৰ।

Flyover

ইফালে বৰ্তমানো উৰণীয়া সেতুখনৰ দেৱালত অংকন কৰা আছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰতীক তথা জাতীয় স্বাভিমানৰ কিছু চিহ্ন।বহুতে ইয়াক লৈও চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত আৰম্ভ কৰিছে বিতৰ্ক।কাৰণ তেওঁলোকৰ দাবী অসমীয়া জাতিৰ স্বাভিমানৰ এইসমূহ সম্পদ এইদৰে ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'বলৈ নোৱাৰে।বহুতে এইসমূহ চিহ্নৰ ওপৰত ভৱিষ্যতৰ দিনত তামোলৰ পিক-থু আদি পেলাব।গতিকে এইসমূহ চিহ্ন মচি পেলাব লাগে বুলিও দাবী উত্থাপন হৈছে।

উল্লেখ যে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ উলুবাৰীত সোণোৱাল চৰকাৰে স্থাপন কৰা বৈদ্যুতিক শ্মশানখন অসমীয়া সাহিত্যৰ পণ্ডিত ডঃ বাণীকান্ত কাকতিৰ নামেৰে নামাকৰণ কৰিও সমালোচনাৰ সন্মুখীন হৈছিল।

Your Comments