গুৱাহাটী প্ৰেছ ক্লাবৰ দুৰ্গা পূজাৰ দুটা ডাঙৰ ঘোষণা,পঢ়ি জানি লওঁক

Gpc

দুৰ্গোৎসৱৰ পৱিত্ৰ ক্ষণত গুৱাহাটী প্ৰেছ ক্লাবৰ এটা গুৰুত্বপূৰ্ণ তথা অনবদ্য পদক্ষেপ।গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ বাবে ঐতিহাসিক সিদ্ধান্ত প্ৰেছ ক্লাব কৰ্তৃপক্ষৰ।মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব প্ৰেছ ক্লাবৰ সদস্যৰ শিশুৱে।অসম জাতীয় বিদ্যালয়, ৰয়েল গ্ল'বেল স্কুল,মাৰিয়াছ পাব্লিক স্কুল, ছাউথ পইণ্ট স্কুল, ইন্টাৰনেশ্যনেল স্কুল গুৱাহাটী,গুৰু নানক হাইস্কুল,ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমি,হেপি মন্টেছৰী হাইস্কুল,গুৱাহাটী পাব্লিক স্কুল,চোভিনীয়েৰ ছেকেণ্ডাৰী স্কুল আৰু মডাৰ্ণ ইংলিছ হাইস্কুল।উল্লেখ যে অহা শৈক্ষিক বৰ্ষৰ পৰা লাভ কৰিব বিনামূলীয়া অধ্যয়নৰ সুবিধা।কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু,স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা।এই তথ্য অৱগত কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয়।সাংবাদিকৰ সন্তান যাতে শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন নহয়, সেয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

ইফালে,দুৰ্গা পূজাৰ প্ৰথম দিনটোতে গুৱাহাটী প্ৰেছ ক্লাবৰ অফিচিয়েল ৱেবচাইট www.gauhatipressclub.com মুকলি কৰা হয়।

Your Comments