এগৰাকী মহিলাৰ একক প্ৰচেষ্টাৰে ডিব্ৰুগড়ত চলিছে 'পূজাশ্ৰী বৃদ্ধাশ্ৰম'

ডিব্ৰুগড়

সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ডিব্ৰুগড়ৰ এগৰাকী মহিলাই চলাইছে এখন বৃদ্ধাশ্ৰম।ডিব্ৰুগড়ৰ লেকাইৰ ঠাকুৰথানত পূজাশ্ৰী নামেৰে এখন বৃদ্ধাশ্ৰম স্থাপন কৰি এক বিৰল নিদৰ্শন দেখুৱাইছে এইগৰাকী মহিলা দীপা গগৈয়ে।নিজৰ জীয়েকৰ নামেৰে ২০১৭ স্থাপন কৰা বৃদ্ধাশ্ৰমখনত বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭৫ গৰাকী আশ্ৰয়হীন লোকক ৰাখি সম্পূৰ্ণ নিজা খৰচেৰে সেৱা আগবঢ়োৱা দীপা গগৈ বৰ্তমান সকলোৰে বাবে আদৰ্শ হৈ পৰিছে।

ডিব্ৰুগড়

উল্লেখযোগ্য যে বৃদ্ধাশ্ৰমখনত কোনো আৱাসীৰ মৃত্যু হ’লে ধৰ্মীয় নিয়মানুসাৰে সকলো শ্ৰাদ্ধ-বিধি সম্পন্ন কৰে আশ্ৰমখনৰ স্বত্বাধিকাৰীগৰাকীয়ে।গতিকে,আশ্ৰমখনত থকা আৱাসীসকল আমৃত্যু সেৱা আগবঢ়াই থাকিব পৰাকৈ ৰাজ্যৰ সকলো দল-সংগঠন তথা ব্যক্তিক সহযোগিতা আগবঢ়াবলৈ দীপা গগৈয়ে আহ্বান জনাইছে৷

Your Comments