বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি হ'ব গণেশগুৰিৰ নৱ-নিৰ্মিত উৰণীয়া সেতু

Flyover

দুৰ্গা পূজাৰ প্ৰথম দিনটোত গুৱাহাটীবাসীলৈ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ।গণেশগুৰিত আৰ জি বৰুৱা পথৰ পৰা বিষ্ণু ৰাভা উৰণীয়া সেতু সংযোগী নৱ-নিৰ্মিত অংশ  বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।উল্লেখ যে ১৯ মাহত সম্পূৰ্ণ হৈ উঠা অংশটোৰ নিৰ্মাণৰ বাবে ব্যয় হৈছে ৮৮.৭৮ কোটি টকা।৩৯৮.৫ মিটাৰ  দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনৰ মুকলি উপস্থিত থাকিব মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য।

উল্লেখ যে উৰণীয়া সেতুখনত উদ্ভাসিত হৈছে অসমৰ বাৰে-ৰহনীয়া কৃষ্টি-সংস্কৃতি।

Your Comments