'এছআই' পৰীক্ষা কেলেংকাৰি:বৰপেটাত দেৱৰাজৰ পত্নীৰ লকাৰৰ পৰা লাখে লাখে  টকা,১ কিলো সােণ জব্দ 

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

ৰাজ্যজুৰি তােলপাৰ লগােৱা এছআই পৰীক্ষাৰ প্রশ্নকাকত কেলেংকাৰি সন্দৰ্ভত বৰপেটা আৰক্ষীৰ হাতত ৰেল বিভাগৰ তৃতীয় বৰ্গৰ কর্মচাৰী দেৱৰাজ দাস গ্রেপ্তাৰ হােৱাৰ পিছত শুকুৰবাৰে চিআইডিয়ে তেওঁৰ পত্নীৰ নামত থকা বেংকৰ লকাৰৰ পৰা প্রায় ১ কিল’গ্রাম সােণ আৰু নগদ ৪৬ লাখ ৭৭ হাজাৰ টকা জব্দ কৰে । এছ আই পৰীক্ষাৰ প্রশ্নকাকত কেলেংকাৰিৰ তদন্ত সন্দৰ্ভত বৰপেটাত উপস্থিত হােৱা চি আই ডিৰ দল এটাই অভিযান চলােৱাৰ সময়তে এই বৃহৎ পৰিমাণৰ সােণ আৰু নগদ টকা জব্দ কৰা হয়।

SI Scam

উল্লেখযােগ্য যে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্ত চলাই থকা চিআইডিয়ে যােগান ধৰা তথ্যৰ আধাৰত বৰপেটাৰ আৰক্ষীয়ে যােৱা ১০ অক্টোবৰৰ পুৱতি নিশা বৰপেটা চহৰৰ গান্ধী নগৰৰ বাসিন্দা তথা বঙাইগাঁৱত কৰ্মৰত ৰে'ল বিভাগৰ তৃতীয় বৰ্গৰ কর্মচাৰী দেৱৰাজ দাসৰ ঘৰত তালাচী চলাই ১.৮৫ কোটি টকা উদ্ধাৰ কৰিছিল । বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হােৱাৰ পিছতে বৰপেটাৰ আৰক্ষীয়ে দেৱৰাজ দাসকো আটক কৰিছিল । 

এই সন্দৰ্ভত অধিক তথ্য সংগ্রহৰ বাবে শুকুৰবাৰে চিআইডিৰ বিষয়া জগদীশ সিনহাৰ নেতৃত্বত এটা ছজনীয়া দল বৰপেটা সদৰ থানাত দিনৰ ১০ বজাত উপস্থিত হয়।চিআইডিৰ দলটোৱে থানাত দেৱৰাজ দাসক জেৰা কৰে।জেৰা কৰাৰ সময়তে চিআইডিৰ দলটোৱে দেৱৰাজ দাসৰ পত্নী তুলিকা বর্মনৰ নামত 'বেংক অব বৰােদা'ত থকা লকাৰত বৃহৎ পৰিমাণৰ ধন আৰু সােণ থকাৰ তথ্য লাভ কৰে। 

ইয়াৰ পিছতে চিআইডি আৰু আৰক্ষীৰ দল এটাই তুলিকা বর্মনক ঘৰৰ পৰা বেংক অব বৰােদালৈ লৈ আহে আৰু উক্ত লকাৰটোত তালাচী চলাই নগদ ৪৬ লাখ ৭৭ হাজাৰ টকা আৰু ৯২০ গ্রাম সােণ জব্দ কৰিবলৈ সক্ষম হয়।লকাৰটোৰ পৰা বৃহৎ পৰিমাণৰ ধন , সােণ উদ্ধাৰ হােৱাৰ পিছতে চিআইডিৰ দলটোৱে উক্ত লকাৰটো বেংক বিষয়াৰ উপস্থিতিত ছীল কৰে । উদ্ধাৰ হােৱা সােণখিনিৰ বজাৰ-মূল্য প্রায় ৪৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । 

আনহাতে,এই বেংকটোতে দাসৰ নামত এটা একাউন্ট থকাৰ তথ্য লাভ কৰে চি আই ডিয়ে । গৃহ ঋণ লােৱাৰ বাবে খােলা একাউন্টটোৰ পৰা চিআইডিয়ে নগদ ১৫ লাখ টকা উদ্ধাৰ কৰে । এই টকাখিনিও জব্দ কৰে চিআইডিৰ দলটোৱে । চিআইডিৰ দলটোৱে দেৱৰাজ দাসৰ নামত বৰপেটা চহৰৰ বিভিন্ন বেংকত একাউন্ট থকাৰ তথ্য লাভ কৰিছে । পৰৱৰ্তী সময়ত এই বেংকসমূহতাে অভিযান চলাব বুলি জানিব পৰা গৈছে । ইফালে, চিআইডিৰ দলটোৱে অধিক তদন্তৰ বাবে দেৱৰাজ দাসক শুকুৰবাৰে সন্ধিয়া বৰপেটা আদালতত হাজিৰ কৰি ন্যায়ালয়ৰ অনুমতি সাপেক্ষে নিজৰ জিম্মাত গুৱাহাটীলৈ লৈ যায় ।                               

Your Comments