১৬ অক্টোবৰৰ দিনটোৰ তাৎপৰ্য কি ?

World Food Day

১৬ অক্টোবৰৰ দিনটোক বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয়।১৯৪৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিষ্ঠা হৈছিল।বিশ্বৰ বহুবোৰ সংস্থা-যিসমূহ খাদ্য সুৰক্ষা,বিশ্ব খাদ্য কাৰ্যসূচী আৰু কৃষিৰ উন্নতিৰ বাবে আন্তৰ্জাতিক পুঁঁজি আদি বিষয়ত সক্ৰিয়,এই সকলোৱে এই দিনটো পালন কৰে ৷

এইবাৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ 'বিশ্ব খাদ্য কাৰ্যসূচী'য়ে।বিশ্বৰ পৰা ক্ষুধা নিবাৰণ কৰি যুদ্ধ বিধস্ত এলেকাসমূহত শান্তি স্থাপনৰ চেষ্টা চলোৱাৰ বাবে এই নোবেল বঁটা প্ৰদান কৰা হৈছে।

এই দিনটোত পৃথিৱীৰ সকলো লোক একগোট হয় বিশ্বৰপৰা ক্ষুধা নিবাৰণৰ প্ৰতিশ্ৰুতিৰে ৷

Your Comments