বলীউডৰ ড্ৰাগছ ৰেকেটত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকোন,দিয়া মিৰ্জা জড়িত থকাৰ অভিযোগ:এনচিবিৰ নজৰত

Deepika

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত বলীউডৰ ড্ৰাগছ ৰেকেটৰ ন ন তথ্য পোহৰলৈ আহিছে।জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ,ছাৰা আলী খান আৰু নম্ৰতা শিৰোডকাৰৰ পিছত আগশাৰীৰ অভিনেত্ৰী দীপিকা পাডুকোন আৰু দিয়া মিৰ্জা এতিয়া তদন্তকাৰী সংস্থা এনচিবিৰ নজৰত।এই অভিনেত্ৰীকেইগৰাকী ড্ৰাগছ ৰেকেটৰ সৈতে জড়িত থকাৰ প্ৰমাণ আহি পৰিছে এনচিবিৰ হাতত।ইতিমধ্যে,ড্ৰাগছ সম্পৰ্কীয় দীপিকাৰ হোৱাটছএপ ছেট এনচিবিৰ হাতত পৰিছে।

Diya

ইফালে,সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক ড্ৰাগছ সৰবৰাহৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

Your Comments