সংগঠন ত্যাগ কৰি সক্ৰিয় ৰাজনীতিলৈ 'টাইপা'ৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ

Lohit Gogoi

কৃষক মুক্তি সংগ্রাম সমিতিসহ 'কা' বিৰোধী ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ কাম-কাজ আগবঢ়াই নিয়াৰ বাবে 'টাইপা' ত্যাগ কৰিলে এজন নেতাই।টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে ত্যাগ কৰিলে সংগঠন।প্ৰস্তাৱিত ৰাজনৈতিক দলৰ কাম -কাজ আগবঢ়াই নিয়াৰ বাবে সংগঠন স্ব-ইচ্ছাৰে ত্যাগ কৰা বুলি উল্লেখ কৰিছে গগৈয়ে।

৭০সংগঠনৰ নেতৃত্বত ৰাজ্যজুৰি হোৱা 'কা' আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল গগৈয়ে।আহোম জনগোষ্ঠীৰ এগৰাকীৰ সক্ৰিয় জাতীয়তাবাদী নেতা গগৈ।

সংগঠন ত্যাগ কৰি অসমৰ সকলো জাতীয়তাবাদী শক্তি তথা অসম জাতীয় পৰিষদক ঐক্যবদ্ধ হৈ ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ লাগে বুলি আহ্বান জনায় গগৈয়ে।

গুৰুত্বপূৰ্ণ যে চলিত মাহতে ঘোষণা কৰা হ'ব কৃষক মুক্তি সংগ্রাম সমিতিৰ নতুন ৰাজনৈতিক দল।

Your Comments