বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজত ৰাজ্যসভাত দুখন কৃষি বিধেয়ক গ্ৰহণ

Rajyasabha

*টিএমচি সাংসদে 'ৰুল-বুক' ফলাৰ অভিযোগ*

বিৰোধী দলৰ সাংসদসকলৰ তীব্ৰ প্ৰতিবাদৰ মাজত দেওবাৰে ৰাজ্যসভাত পাৰিত কৰা হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৃষি সম্পৰ্কীয় দুখনকৈ বিধেয়ক।বিধেয়ক দুখন ধ্বনি মতত পাৰিত কৰা হয়।বিধেয়ক দুখন পাৰিত কৰাৰ পিছতে ক্ষুব্ধ বিৰোধীয়ে ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ নাৰায়ণ সিঙৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ গ্ৰহণ কৰে।আনহাতে, তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ' ব্ৰায়েনে উপ-সভাপতিৰ সন্মুখত 'ৰুল-বুক' ফালি ক্ৰোধ প্ৰকাশ কৰাৰ অভিযোগ উঠিছে।তেওঁ কয় যে চৰকাৰে সদনত সকলো নীতি উলংঘা কৰিছে।

Your Comments