'আছু'-পৰিষদৰ ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ'ৰ বিষয়ে সবিশেষ পঢ়ক

Party

*"ঘৰে ঘৰে আমি" শ্লোগানেৰে  আগবাঢ়িব অসম জাতীয় পৰিষদ-মুখ্য আহ্বায়কদ্বয়*

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোমবাৰে ভূমিষ্ঠ হ'ল নতুন ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ"।মুখ্য আহ্বায়ক ড: কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই গুৱাহাটীত এক সংবাদমেল যোগে নতুন দলটো নাম ঘোষণা কৰে।

'২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ সাংগাঠনিক কাম-কাজ আজিৰে পৰা পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈছে।ৰাজ্যৰ ২৫ খন জিলাত দলৰ সাংগাঠনিক কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰি বসন্ত ডেকাই কয়-"বাকী জিলাৰ সাংগঠনিক কাম অহা দুই-এদিনৰ ভিতৰত  সম্পূৰ্ণ হ'ব।সকলো জনগোষ্ঠীৰ পৰা থাকিব দলটোত প্ৰতিনিধি।সমাজত নিকা ভামূৰ্তি থকাসকলক দিয়া হ'ব প্ৰাধান্য"।

নতুন ৰাজনৈতিক দলটোত নৱ-প্ৰজন্মৰ যুৱক-যুৱতীক অধিক  প্ৰ্ৰা্ধান্য দিয়াৰ   কথা উল্লেখ কৰি আহ্বানয়কদ্বয়ে কয়-"দলটোৰ ৰাজ্যিক, জিলা, সমষ্টি, আঞ্চলিক আৰু বুথ পৰ্যায়ত সংগঠন কৰা হ'ব।গতানুগতিক ৰাজনৈতিক দলতকৈ উৰ্দ্ধত থাকি দলটোৱে মানুহৰ বন্ধু হিচাপে কাম কৰিব।"

"ঘৰে ঘৰে আমি" শীৰ্ষক দৰ্শন আগত ৰাখি আগবাঢ়িব দলটো।কেৱল নিৰ্বাচনৰ সময়ত যোৱা নীতি পৰিহাৰ কৰি প্ৰতিখন ঘৰৰ লগত সদায় যোগাযোগ ৰক্ষা কৰিব দলটোৱে- ভট্টাচাৰ্যই কয়।

দলটোৰ পূৰ্ণাংগ ৰাজ্যিক কমিটী গঠন   কৰা হ'যু আছু-যুুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ অধিৱেশন শেষ হোৱাৰ পিছত অৰ্থাৎ নৱেম্বৰৰ প্ৰথম ভাগত।তাৰ পূৰ্বে ৩০ অক্টোবৰৰ ভিতৰত প্ৰতিখন জিলাত দলটোৱে জিলাৰ পৰা বুথলৈ সংগঠনৰ কাম সম্পূৰ্ণ কৰিব।

দলটোৰ সংগঠনৰ কাম-কাজ আগবঢ়াই নিবলৈ প্ৰতিখন জিলাৰ পৰা দুই-তিনিজন প্ৰতিনিধি লৈ গঠন কৰা হ'ব পূৰ্ণাংগ আহ্বায়ক সমিতি।ৰাজ্যিক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক।ইফালে সদ্য পদত্যাগী আছু দুই শীৰ্ষ নেতা চিত্তৰঞ্জন বসুমতাৰীক লখিমপুৰ, ধেমাজি, জোনাই আৰু ডিব্ৰুগড় জিলা সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে।ৰাজু ফুকনক গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাৰ দায়িত্ব দিয়া হৈছে।অসম  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা এম এইচ বৰভূঞাক দিয়া হৈছে বৰাক উপত্যকাৰ দায়িত্ব।চুতীয়া ছাত্ৰ সন্মিলনীৰ হৰেন চুতীয়াক লখিমপুৰৰ দায়িত্ব দিয়া হৈছে। মৰিগাঁও জিলাৰ দায়িত্ব দিয়া হৈছে বীৰেশ্বৰ মেধিক।আহ্বায়কদ্বয়ে প্ৰকাশ কৰা অনুসৰি আজি সন্ধিয়া প্ৰতিখন জিলাৰ দায়িত্ববাহীৰ তালিকা প্ৰকাশৰ পাব।


সংবাদমেলত প্ৰকাশ কৰা অনুসৰি আছু-পৰিষদৰ বহুসংখ্যক নেতা আহিব নতুন দলটোলৈ।দলটোৰ কাম-কাজ তদাৰক কৰাৰ বাবে গঠন কৰা হ'ব এখন স্থায়ী কমিটী।

Your Comments