মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ড: হিমন্ত বিশ্ব শৰ্মাৰ"-মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিস্ফোৰণ

Himanta-Pijus

মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ"- মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিস্ফোৰণ*

*মই চিধা কথা কোৱা মানুহ, দল আৰু বিধায়কে সিদ্ধান্ত ল'ব-হাজৰিকা*

ৰাজ্যৰ ৰাজনীতিত বিস্ফোৰণ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰীজনে মুকলিলৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে  ড: হিমন্ত বিশ্ব শৰ্মাৰ।

"২০ বছৰৰ অতি সফল মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে।মই চিধা কথা কোৱা মানুহ।দল আৰু বিধায়কে সিদ্ধান্ত ল'ব ইয়াৰ ওপৰত"- মন্ত্ৰী হাজৰিকাই কয়।

"বৰ্তমান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ আছে।আমি দ্বিতীয় কথাটো ভবা নাই।কিন্তু তাৰ পিছতো দল-বিধায়কে সিদ্ধান্ত ল'ব"-তেওঁ লগতে কয়।

গুৰুত্বপূৰ্ণ যে ৰাজ্যিক বিজেপিত মুখ্যমন্ত্ৰী আসনক লৈ মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰীৰ শৰ্মাৰ সমৰ্থকৰ দুটা ফৈদ থকা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে।আনহে নালাগে,বিজেপিৰ বহুকেইজন নেতাই মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বুলিও বিভিন্ন।সময়ত পৰিচয় দি আহিছে।তাৰ মাজতে মন্ত্ৰী শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মুখত এই ভাষ্য প্ৰকাশ পোৱাৰ পিছত এটা কথা স্পষ্ট যে ৰাজ্যিক বিজেপিত একাংশ শীৰ্ষ নেতাই বিচাৰে প্ৰভাৱশালী মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হোৱাতো।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই  গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই।

Your Comments