অখিল গগৈৰ আইনী যুঁজলৈ অসমবাসীৰ পৰা বৰঙণিৰ আহ্বান কৃষক মুক্তি সংগ্রাম সমিতিৰ

kmss press meet

*উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ বিশেষজ্ঞ অধিবক্তাই উচ্চ ন্যায়ালয়ত যুঁঁজ আগবঢ়াব গগৈৰ হৈ*


কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কৃষক মুক্তি সংগ্রাম সমিতি।কৃষক নেতা গগৈৰ হৈ ওকালতি কৰিবলৈ সংগঠনে ইতিমধ্যে যোগাযোগ কৰিছে উচ্চতম ন্যায়ালয়ৰ দুজন জ্যেষ্ঠ অধিবক্তাৰ সৈতে।এই কথা ঘোষণা কৰিলে কৃষক মুক্তি সংগ্রাম সমিতি সভাপতি ভাস্ক'-ডি শইকীয়াই।

উল্লেখ যে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ তথা বিশেষজ্ঞ অধিবক্তা দুজনক কৃষক নেতাগৰাকীৰ হৈ ওকালতি কৰিবলৈ নিয়োগ কৰিলে প্ৰয়োজন হ'ব বৃহৎ পুঁজিৰ।কিন্তু প্রয়োজনীয় পুঁজি সংগঠনটৰ ওচৰত নাই।গতিকে অসমবাসী ৰাইজক কৃষক নেতাগৰাকীৰ আইনী যুঁঁজলৈ আৰ্থিক বৰঙণিৰ মুকলি আহ্বান সংগঠনটোৰ।

সভাপতি শইকীয়াই জানিবলৈ দিয়া অনুসৰি এটা শুনানিতে প্ৰয়োজন হ'ব ৪-৫ লাখ টকাৰ।অসমবাসীৰ আৰ্থিক সহায়ৰ অবিহনে কৃষক সংগঠনটোৱে আইনী যুঁঁজ চলোৱা অসম্ভৱ হৈ পৰিব।যিসকল অসমৰ নাগৰিকে কৃষক নেতাগৰাকী মুকলি হোৱাটো বিচাৰে,সেইসকলে ভাৰতীয় টেষ্ট বেংক পি বি বি গণেশগুৰি শাখাৰ একাউন্ট নম্বৰ- ৩৯৫৯৭০০৪০০৩৫, আই এফ এছ চি ক'ড-SBIIN004134 নম্বৰত ধন আগবঢ়াব পাৰিব।অনলাইন মাধ্যমতো জমা কৰিব পাৰিব আৰ্থিক অনুদান।এই কথা সভাপতি শইকীয়াই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও কোনো লোকে যদি সংগঠনৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰে,তেন্তে ৯৮৫৪০১৯৯২৯,৬৯০০৫৬৮৮৩৮ নম্বৰত যোগাযোগ কৰিবলৈ পাৰিব।

Your Comments