'আছু' বৰ্তমান ৰাজনৈতিক দল,ৰাজনীতি কৰিবলৈ ৬নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰিছে-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*'প্ৰতিবেদন ৰাজহুৱা কৰি জটিলতা বৃদ্ধি কৰিলে'*

*'বাঘবৰ-জনীয়া অসমীয়াৰ বাবে সংৰক্ষণ কৰিলে কোন জিকিব!-মন্ত্ৰী ডঃ শৰ্মা*

"অসম চুক্তিৰ ৬নং দফা পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদন সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে ৰাজহুৱা কৰাৰ সন্দৰ্ভত জনতা ভৱনৰ সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।প্ৰতিবেদন ৰাজহুৱা কৰি জটিলতা বৃদ্ধি কৰাৰ বাহিৰে একো কৰা নাই 'আছু'ৱে।ৰাজহুৱা নকৰাহেতেনো হ'ল হয়"-মন্ত্ৰী শৰ্মাই কয়।

কমিটীয়ে পৰামৰ্শ দিছে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে।সেয়া বিধানসভাৰ মাজেৰে গৃহীত হ'ব লাগিব।বিধানসভাত যি দিনালৈ অসমীয়াৰ সংজ্ঞা নিৰূপণ নহ'ব,তেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে একো কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"৬নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে ২বছৰৰ সময় দিয়া হৈছে।৫ মাহত ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে চৰকাৰে।কিন্তু পাঁচ মাহতে চৰকাৰৰ স্থিতিত সন্দেহ কৰি ৰাজনীতি কৰিছে।সদৌ অসম ছাত্ৰ সন্থা বৰ্তমান ৰাজনৈতিক দল।তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে দিয়া অভিযোগ ৰাজনৈতিক মঞ্চৰ পৰা প্ৰদান কৰিছে।"

ইফালে,'৫১ চনৰ ভিত্তিত অসমীয়া চিনাক্ত কিদৰে কৰিব পৰা হ'ব।পুনৰ এখন এনআৰচি প্ৰস্তুত কৰিব লাগিব নেকি,সেই সন্দৰ্ভত মৌন হৈ আছে কমিটী।কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"বাঘবৰ-জনীয়া সমষ্টিক অসমীয়াৰ বাবে সংৰক্ষণ কৰিলে নিৰ্বাচনত কোন জিকিব।"

ৰাজনৈতিক মঞ্চৰ পৰা কৰা সকলো মন্তব্য নিৰ্বাচনী সভাত প্ৰকাশ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আছুক কটাক্ষ কৰি কয়।

Your Comments