চিকিৎসাধীন প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থা এতিয়াও জটিল

প্ৰণৱ মুখাৰ্জী

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থা বুধবাৰেও জটিল হৈয়ে আছে।দিল্লীৰ আৰ্মী ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হাস্পতালত ভৰ্তি প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছে।অস্ত্ৰোপচাৰৰ পূৰ্বে তেওঁ ক'ৰ'না সংক্ৰমিত হৈছিল।মুখাৰ্জী বৰ্তমান ভেন্টিলেটৰত আছে।

Your Comments