দুলু আহমেদে ২০ আগষ্টত ত্যাগ কৰিব কংগ্ৰেছ,যোগদান কৰিব বিজেপিত!

Dulu Ahmed

*শীৰ্ষ নেতাৰ কৰ্মকাণ্ডক লৈ মই সন্তুষ্ট নহয়- আহমেদ*

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদে ত্যাগ কৰিব কংগ্ৰেছ।শীৰ্ষ নেতৃত্বৰ কৰ্মক লৈ অসন্তুষ্ট নেতাগৰাকীয়ে ২০ আগষ্টত দল ত্যাগ কৰিব বুলি সামাজিক মাধ্যম ফেচবুকত  ঘোষণা কৰিছে।উল্লেখ যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন সময়ত আহমেদে মুকলিভাৱে অসন্তুষ্টি ব্যক্ত কৰি আহিছিল ।

গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ ত্যাগ কৰি আহমেদে যোগদান কৰিব বিজেপিত।এই কথা তেওঁ নিজে প্ৰকাশ কৰা নাই যদিও বিশেষ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই খবৰ।কংগ্ৰেছ দলৰ পৰা হাজো সমষ্টিত আগন্তক '২১ৰ নিৰ্বাচনত  অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল নেতাগৰাকীৰ।

Dulu Ahmed

নেতাগৰাকীয়ে নিজৰ ফেচবুকত লিখিছে এইদৰে- "কিছু শীৰ্ষ নেতাৰ কৰ্মক লৈ মই সন্তুষ্ট নহয়।সেই গতিকে অহা ২০ আগষ্টত মই পূৰ্বে ঘোষণা কৰা দলীয় কাৰ্যসূচীৰ পিছত দলত্যাগ কৰিম।"

ইফালে যদি বিজেপিত যোগদান কৰে আহমেদে তেন্তে অহা নিৰ্বাচনত হাজো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব বুলিও বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে।

Your Comments