কেৰেলাত ভূমিস্খলনে প্ৰাণ কাঢ়িলে চাহ শ্ৰমিকৰ;জীৱন্তে কবৰস্থ ১২জন শ্ৰমিক

Landslide Death

নেৰানেপেৰা মুষলধাৰ বৰষুণে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেৰেলাত।বিগত কিছুদিন ধৰি ৰাজ্যখনত অব্যাহত আছে নেৰানেপেৰা বৰষুণ।তাৰ মাজতে শুকুৰবাৰে মুন্নাৰ অঞ্চলত এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।জানিব পৰা ম'তে 'কেডিএচপি'নামৰ এটা চাহ কোম্পানীৰ ৪০জন কৰ্মচাৰী তথা তেওলোকৰ পৰিয়াল ভূমিস্খলনৰ ফলত নিখোজ হৈ আছিল।ইয়াৰ পাছতেই প্ৰতিকূল পৰিস্থিতিৰ মাজতো এনডিআৰএফে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।দীৰ্ঘ সময়ৰ পাছত উদ্ধাৰকাৰী দলে অৱশেষত ১৩জন লোকক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে ১২জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আনহাতে এই পৰ্যন্ত 'কেডিএচপি' নামৰ  চাহ কোম্পানীটোৰ কোনো বিষয়াই পৰিস্থিতিৰ বুজ নোলোৱাত শ্ৰমিক-কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে।

Your Comments