ৰাছিয়াত ১২ আগষ্টত পঞ্জীয়ন কৰা হ'ব ক'ৰ'না ভেকচিন:অক্টোবৰ মাহৰ পৰা সমগ্র দেশতে টীকাকৰণ কৰাৰ প্ৰস্তুতি

Corona Vaccine

বিশ্ববাসীৰ অপেক্ষাৰ অৱশেষত অন্ত পৰিছে।অহা ১২ আগষ্টত ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক'ৰ'না ভেকচিন পঞ্জীয়ন কৰিব।ৰাছিয়াৰ উপ-স্বাস্থ্যমন্ত্ৰী অলেগ গ্ৰীডনেভে এই কথা জানিবলৈ দিছে।উল্লেখ্য যে ৰাছিয়াত চিকিৎসকসকল আৰু বয়োজ্যেষ্ঠ লোকসকলক প্ৰথমতে টীকাকৰণ কৰা হ'ব।ৰাছিয়া চৰকাৰে অহা অক্টোবৰ মাহৰ পৰা দেশখনত ব্যাপক টীকাকৰণ কৰাৰ আঁচনি গ্ৰহণ কৰিছে।গামালিয়া ৰিছাৰ্ছ ইনষ্টিটিউট আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সংযুক্তভাৱে গৱেষণা কৰি এই ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

 

Your Comments