চীনৰ সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ'ব নেকি আমেৰিকা?কংগ্ৰেছত উত্থাপন হ'ল নতুন প্ৰস্তাৱ

Trump

ক্ৰমান্বয়ে বৃদ্ধি পাইছে চীন-আমেৰিকাৰ মাজত সংঘাত।শেহতীয়াকৈ মহামাৰী ক'ৰ'নায়ো এই সংঘাত বৃদ্ধিৰ ক্ষেত্ৰত সাৰ-পানীৰ যোগান ধৰিছে।তাৰ মাজতে ৰিপাব্লিক পাৰ্টীৰ এগৰাকী সাংসদে কংগ্ৰেছত এটা নতুন প্ৰস্তাৱ উত্থাপন কৰে।বুধবাৰে ৰিপাব্লিক দলৰ এগৰাকী সাংসদে কংগ্ৰেছত এটা প্ৰস্তাৱ উত্থাপন কৰি কয় যে 'এমাজন'কে ধৰি সকলো আন্ত:ৰাষ্ট্ৰীয় অনলাইন ছেলিং এপবোৰে বিক্ৰি কৰা প্ৰতিটো বস্তুৰে সবিশেষ তথ্য দিয়াতো বাধ্যতামূলক হ'ব লাগে যাতে গ্ৰাহকে কোনবোৰ সামগ্ৰী চীনৰ সেয়া বিচাৰ কৰিব পাৰে।এই প্ৰস্তাৱ উত্থাপন কৰি সাংসদগৰাকীয়ে কয়-"এয়া প্ৰতিজন গ্ৰাহকৰে অধিকাৰ।গ্ৰাহকসকলে ভুলবশত: সেইবোৰ দেশৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে।যাৰ বাবে তেওঁলোকে জীয়াতু ভুগিব লগীয়া হৈছে।"অৱশ্যে ভাৰতবৰ্ষৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এই পৰ্যন্ত চীনা সামগ্ৰীক বৰ্জন কৰা হোৱা নাই যদিও আমেৰিকাৰ অধিকাংশ লোকে চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা নিজকে বিৰত ৰাখিছে।উল্লেখ্য যে আমেৰিকাই বাৰম্বাৰ ক'ৰ'না মহামাৰীৰ বাবে চীনক দোষাৰোপ কৰি আহিছে।

Your Comments