হেঙেৰাবাৰীত বিজেপি মুখ্য কাৰ্যালয়ত বিদ্ৰোহী বিধায়ক শিলাদিত্য দেৱ,সভাপতি ৰঞ্জিত দাসৰ সৈতে বৈঠক

Siladitya Dev

হোজাই সমষ্টিৰ বিজেপিৰ বিদ্ৰোহী বিধায়ক শিলাদিত্য দেৱ অৱশেষত হেঙেৰাবাৰী         ৰাজ্যিক বিজেপিৰ  মুখ্য কাৰ্যালয়ত।সভাপতি ৰঞ্জিত দাসৰ আহ্বান মৰ্মে মিলিত বৈঠকত।উল্লেখ যে বিগত কিছুদিন ধৰি বিধায়কগৰাকীয়ে দলৰ বিৰুদ্ধে এক প্ৰকাৰৰ বিদ্ৰোহ আৰম্ভ কৰিছিল।প্ৰকাশ কৰিছিল দলৰ মোনা লোৱা নেতাৰ বিৰুদ্ধে অসন্তুষ্ট হোৱাৰ কথা।

ইফালে আলোচনাৰ অন্তত বিধায়ক শিলাদিত্যই কয়-"মোৰ মনত থকা ক্ষোভসমূহ সভাপতিৰ আগত তুলি ধৰিলোঁ।বৰ্তমান মোৰ কোনো ক্ষোভ নাই।যদি ভৱিষ্যতে দলত পুনৰ অনিয়ম হয়,তেন্তে আকৌ তাৰ বিৰুদ্ধে মাত মাতিম।"

বিজেপি পৰিয়ালৰ মই এজনকৰ্মকৰ্তা।গতিকে মই দলৰ মুখ্য কার্যলয়লৈ আহিব লাগিব বুলি উল্লেখ কৰি বিদ্ৰোহী বিধায়কগৰাকীয়ে কয়-"সভাপতিৰ নিৰ্দেশ মৰ্মে দলৰ সাংগঠনিক আলোচনাত মিলিত হৈছিলোঁ।পৰিয়ালকেন্দ্ৰিক কিছু সংঘাত হৈছিল।খং আছিল মনত। আৱেগিকভাৱে কথাবোৰ কৈছিলোঁ।সেই কথাবোৰেই পুনৰ সভাপতিৰ আগত তুলি ধৰিছোঁ।"

"কথা ক'বলৈ মই সংকোচ নকৰো,খোলাকৈ কথা কওঁ।পেটত যি থাকে,মুখতো একে।বিজেপি ভালৰ বাবে এই কথাবোৰ হব"- বিধায়কগৰাকীয়ে কয়।

গুৰুত্বপূৰ্ণ যে গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত আছিল দলৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা।

Your Comments