"কামৰূপ(ম)জিলাত এটা সপ্তাহ লকডাউন বৃদ্ধি কৰাৰ প্ৰস্তাৱ স্বাস্থ্য বিভাগৰ"-ড:হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*লকডাউনত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ জনতাক পৰিস্থিতি ভাল হোৱাৰ পিছত চৰকাৰে ভালদৰে সহায় কৰিব-ড:শৰ্মা*

কামৰূপ(ম)জিলাত পুনৰ এটা সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।ৰাজ্যৰ মুখ্য সচিবক এই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

"নাগৰিক সমাজে দুটা সপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছিল যদিও স্বাস্থ্য বিভাগে এটা সপ্তাহ লকডাউন বৃদ্ধি কৰিলেই যথেষ্ট হ'ব বুলি জনাইছে মুখ্য সচিবক।চতুৰ্থ সপ্তাহৰ পৰা পৰ্যায় অনুসৰি গুৱাহাটীত শিথিল হ'ব লকডাউন"-ড: মন্ত্ৰী শৰ্মাই লগতে কয়।

উল্লেখ যে গুৱাহাটী মহানগৰীত পূৰ্বতকৈ হ্ৰাস পাইছে ক'ৰ'না আক্রান্তৰ ঘটনা।পূর্বতে জিলাখনত ৩০ শতাংশ আক্রান্ত ধৰা পৰিছিল।বর্তমান ২১ শতাংশ হৈছে আক্রান্তৰ সংখ্যা।
যোৱা দুটা দিনত ১৬ শতাংশলৈ হ্ৰাস পাইছে আক্রান্ত।

কামৰূপ(ম) জিলাত প্ৰায় এক লাখ টেষ্ট সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী ডঃশৰ্মাই কয়-"এন্টিজেন টেষ্ট ৬২৫৭ জনক কৰা হৈছে।তাত ১৩০৪জন আক্রান্ত ধৰা পৰিছে।"

"কামৰূপ(ম) জিলাত ক'ভিড কেয়াৰ চেন্টাৰত ৩১৮৯ খন আসন আছে।তাৰে ২১৫৬খনত আক্রান্ত আছে আৰু ৮০০আসন দুই-এদিনত সাজু হ'ব"-শৰ্মাই লগতে কয়।লগতে তেওঁ কয় যে জিলাখনত ৬খন মেডিকেলত ৯৭২খন আসন আছে।তাৰে ৮০৭খন আসনত বৰ্তমান ৰোগী আছে।

গুৰুত্বপূৰ্ণ যে লকডাউনত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ জনতাক পৰিস্থিতি ভাল হোৱাৰ পিছত চৰকাৰে ভালদৰে সহায় কৰিব বুলি শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।

Your Comments