সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী কুমাৰ চেতিয়াৰ অকাল বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ

Ashwini Chetia

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ অকাল বিয়োগত শোক স্তব্ধ ৰাজ্যৰ সচেতন নাগৰিক সমাজ।যোৱা নিশা গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত তেওঁৰ দেহাৱসান ঘটে।চেতিয়াৰ বিয়োগ আহোম জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে।বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। চেতিয়াৰ বিয়োগৰ খবৰ পোৱাৰ পিছতেই সামাজিক মাধ্যমত বহু লোকে যুৱ নেতাজনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

Your Comments