'বিগ বছ-১৪'ৰ কাৰণে ছলমান খানে বঢ়ালে ফীজ,এতিয়া ল'ব...

Salman Khan

নিউজ ডেস্ক-
টিভি ইণ্ডাষ্ট্ৰীৰ সকলোতকৈ বিতৰ্কিত ৰিয়েলিটী শ্ব' 'বিগ বছ' আকৌ এবাৰ সৰু পৰ্দালৈ আহিবলৈ সাজু হৈছে।এইবাৰো কিছু নতুন ৰূপত সজোৱা বিগ বছ-১৪ হোষ্ট কৰিব ছলমান খানে। এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও সম্ভাৱিত অংশগ্ৰহণকাৰীক লৈ মিডিয়াত যথেষ্ট চৰ্চা চলিছে। ইয়াৰ মাজতে বিশেষভাৱে চৰ্চালৈ আহিছে ছলমান খানে নিজৰ ফীজ বঢ়োৱাৰ প্ৰসংগ।
           জানিব পৰা মতে ছলমান খানে এতিয়া বিগ বছ–১৪ হোষ্ট কৰিবলৈ প্ৰতিটো এপিছডৰ কাৰণে ১৬কোটি টকাকৈ ফীজ বিচাৰিছে। ইয়াৰ পূৰ্বে বিগ বছ–১৩ৰ কাৰণে ছলমান খানে ১২ৰ পৰা ১৪কোটি টকা ফীজ লৈছিল।উল্লেখযোগ্য যে বিগ বছত প্ৰতি সপ্তাহত উইকএণ্ডত চলমানে ঘৰৰ লোকসকলক দিয়া শিক্ষাৰ কাৰণে সকলো দৰ্শকে অপেক্ষা কৰি থাকে।আনহাতে,এইবাৰ ছিজনত জেচমিন ভাচিন,আলিশা পাৱাৰ,আৰুচী দত্ত,আকাংক্ষা পুৰী, আঁচল খুৰানা, ছাহিল খান আৰু আমিৰ ছিদ্দিকীৰ দৰে ষ্টাৰক দৰ্শকে দেখা পাব পাৰে। আনহাতে,এজন সাধাৰণ লোককো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা।

Your Comments