বিগত ২৪ ঘণ্টাত দেশত ২৪,৮৫০ লোক ক'ৰ'না আক্ৰান্ত

Covid-19

দেশত ক'ৰ'না ভাইৰাছৰ ভয়াৱহ গণ সংক্ৰমণ অব্যাহত আছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য মতে বিগত ২৪ ঘণ্টাত ভাৰতত ২৪,৮৫০ জন লোক ক'ৰ'না আক্ৰান্ত হৈছে।ইয়াৰ জড়িয়তে দেশত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৬,৭৩,১৬৫ লৈ বৃদ্ধি পালে।ইফালে,বিগত সময়চোৱাত ৬১৩ গৰাকী আক্ৰান্ত লোকৰ মৃত্যু হয়।ইয়াকে লৈ দেশত ক'ভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৯,৩৬৮ গৰাকীলৈ বৃদ্ধি পালে।

Your Comments