কামৰূপ(ম) জিলাৰ অতিৰিক্ত উপায়ুক্ত ক'ৰ'নাত আক্রান্ত

Kamrup(M) ADC

ক'ৰ'না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণ কামৰূপ(ম) জিলাত।বিগত চাৰিটা দিনত জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকাকৈ ক'ৰ'না আক্রান্ত ধৰা পৰিছে হাজাৰৰো অধিক।

শুকুৰবাৰৰ দিনটোত কামৰূপ(ম)জিলাৰ অতিৰিক্ত উপাযুক্ত চিন্ময় নাথ আক্রান্ত হৈছে ক'ৰ'নাত।আক্রান্ত হোৱাৰ প্ৰাকমুহূৰ্ততলৈকে জিলাখনৰ বিভিন্ন প্ৰশাসনিক কামৰ সৈতে জড়িত হৈ আছিল নাথ।জিলা শীর্ষ বিষয়াসকলৰ সান্নিধ্যত আছিল উপায়ুক্ত নাথ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাথক শুকুৰবাৰৰ ৰাতিয়েই ভৰ্তি কৰোৱা হয়।

Your Comments