অশ্লীলতা বিয়পোৱা 'টিকটক' নিষিদ্ধ হ'ল

Tiktok banned

আগ্ৰাসনকামী আৰু গণতন্ত্ৰ বিৰোধী ৰাষ্ট্ৰ চীনৰ ওপৰত ভাৰত চৰকাৰে ডিজিটেল আঘাত হানিছে।সোমবাৰে ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে ৫৯ টা চীনা এপ।এইসমূহৰ ভিতৰত অন্যতম হৈছে টিকটক,শ্বেয়াৰ ইট,হেল',লাইকী,ভিছেট,য়ুচী ব্ৰাউজা।উল্লেখযোগ্য যে এই এপবোৰে দেশৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছিল।তদুপৰি, দেশৰ নাগৰিকসকলৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ প্ৰতিও এই এপসমূহ প্ৰচণ্ড ভাবুকিস্বৰূপ আছিল।আনহাতে,টিকটক নামৰ এপটোৱে ভাৰতীয় সমাজ জীৱনত বিয়পাইছিল অশ্লীলতা।একাংশ যুৱক-যুৱতীয়ে এপটোত অশ্লীল ভিডিঅ' আপলোড কৰি সামাজিক প্ৰদূষণৰ সৃষ্টি কৰি আহিছিল।

Your Comments