মহাবিপদ!ছাহাৰা মৰুভূমিৰ পৰা বলিছে দুহাজাৰ মাইল দীঘল 'ধূলিৰ ধুমুহা’,'নাছা'ৰ সকীয়নি

Sand Storm

নিউজ ডেস্ক-
আফ্রিকাৰ উপকূলৰ পৰা প্রতিবছৰে ছাহাৰা মৰুভূমিলৈ বলা ধূলিৰ বতাহে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। কিন্তু এই‍বাৰ এই বিষয়টি আৰু ভয়ানক হৈ পৰিছে।শেহতীয়াকৈ নাছাৰ উপগ্ৰহৰ চিত্ৰত দেখা গৈছে দীর্ঘ দুহেজাৰ মাইল দীঘল এক ধূলিৰ ধুমুহা বলি আহিছে। উত্তৰ আটলান্টিক মহাসাগৰ ওপৰত সেই ধূলিৰ ধুমুহা সদ্যহতে দেখা গৈছে।কিন্তু নেজৰ অংশ এতিয়াও স্পষ্ট নহয়।যদি সঁচাকৈ সাগৰ পৰা হৈ আহি পৰে তেনেহ’লে প্রায় পাঁচ হাজাৰ মাইল পৰ্যন্ত দীঘল হ’ব পাৰে এই ধুমুহা।
এটা বেচৰকাৰী জলবায়ু সংস্থাৰ বিষয়াই জনাইছে, এয়া এক অবিশ্বাস্য ধৰণৰ ধূলিৰ ধুমুহা।প্রায় এসপ্তাহ পূৰ্বে উপগ্রহৰ চিত্রত প্রথম ধৰা পৰিছিল যে আফ্রিকাৰ উপকূলৰ পৰা ধূলিৰ ধুমুহা আহিবলৈ আৰম্ভ কৰিছে।কিন্তু সেই সময় আছিল এসপ্তাহ আগৰ।এতিয়াও সেই ধুমুহাৰ শেষ অংশ উপকূলতে আছে। তাৰ মানে এইটো ভয়ংকৰ ধুমুহা।এনেকৈ থাকিলে উত্তৰ আৰু দক্ষিণ আমেৰিকাক বিভিন্ন অংশত ধ্বংসলীলা চলিব পাৰে। বিশেষকৈ ক্ষতিগ্রস্ত হ’ব পাৰে সেইসকল যাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে।

Your Comments