২১জুনত ফুটবল প্ৰশিক্ষকৰ অনলাইন কৰ্মশালাৰ আয়োজন

Pic

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

সদৌ অসম ফুটবল প্ৰশিক্ষক সন্থাৰ অন্তৰ্গত স্বীকৃতিপ্ৰাপ্ত ফুটবল প্ৰশিক্ষকসকলৰ এখন অনলাইন ছেমিনাৰ অহা ২১ জুনত আয়োজন কৰা হৈছে।এই ছেমিনাৰত সমল ব্যক্তিৰূপে এএফচিৰ প্ৰ'লাইচেন্সপ্ৰাপ্ত প্ৰশিক্ষক,এআইএফচিৰ সঞ্চালক,শ্বিলং লাজং এফচিৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক,উত্তৰ পূব ইউনাইটেড এফচিৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক তথা বৰ্তমানৰ কেৰালা ব্লাষ্টাৰ্ছৰ সহকাৰী প্ৰশিক্ষক থমবৈ সিংটই উপস্থিত থাকিব।২১ জুনৰ বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া এই অনলাইন ছেমিনাৰত অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰশিক্ষকসকলক অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে যোগদান কৰিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে অহা ২০ জুনত সকলো অংশগ্ৰহণকাৰীক অনলাইনৰ লিংকটো প্ৰেৰণ কৰা হ'ব।উল্লেখযোগ্য যে উক্ত ছেমিনাৰত মূলতঃ এগৰাকী প্ৰশিক্ষকে খেলুৱৈসকলৰ সৈতে কেনেধৰণৰ সম্পৰ্ক বজাই ৰাখি প্ৰশিক্ষক,খেলুৱৈ আৰু খেলৰ লগত আত্মীয়তা গঢ় দি ফুটবলক আগুৱাই নিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি সদৌ অসম ফুটবল প্ৰশিক্ষক সন্থাৰ সভাপতি বিধান দাস আৰু সম্পাদক ডঃ মন্তু বড়োৱে জনাইছে।সবিশেষ জানিবৰ বাবে ডঃ মন্তু বড়ো(৯৯৫৪৯৩৪৪০৩),কমলাকান্ত সিং(৭০০২৫৬৮৯৫১) অথবা চিন্ময় বৰা (৯৯৫৭৯৭৫৭২৮)এই নম্বৰত যোগাযোগ কৰিবলৈ সন্থাই অনুৰোধ জনাইছে ।

Your Comments