বিজেপিক '২১ত প্ৰতিহত কৰাৰ লক্ষ্যৰে আঞ্চলিকতাবাদী বৃহৎ মঞ্চ গঠন প্ৰক্ৰিয়া আৰম্ভ  

Mansa

২০২১ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তিৰ ঐক্যবদ্ধ প্ৰচেষ্টা।সাংসদ অজিত কুমাৰ ভূ়ঞাৰ প্ৰচেষ্টাত দেওবাৰে ছয়টা আ়ঞ্চলিকতাবাদী সংগঠনৰ ঐক্যবদ্ধ সিদ্ধান্ত ৰাজ্যত গঠন হ'ব আঞ্চলিকতাবাদী বৃহৎ মঞ্চ।

আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ লক্ষ্যৰে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰাৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয়-"অসমৰ বিভিন্ন ঠাইত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদত বিশ্বাসী দল আৰু শক্তিসমূহক একত্ৰিত কৰি  উমৈহতীয়া বৃহৎ মঞ্চ গঠনৰ এয়া আৰম্ভণি।অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত আজিৰ দিনটো এটা বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ'ব।"

ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তিৰ বৃহৎ মঞ্চৰ গঠনৰ বাবে আজিৰ সভাত গঠন কৰা হয় আহ্বায়ক সমিতি।সাংসদ অজিত কুমাৰ ভূঞাক মুখ্য আহ্বায়ক হিচাপেলৈ গঠিত সমিতিখনত আহ্বায়ক হিচাপে ৰখা হৈছে অদীপ কুমাৰ ফুকন,অধিবক্তা কমল নাৰায়ন চৌধুৰী, হলিৰাম তেৰাং,গুণ গগৈ,ৰাজকুমাৰ বৈশ্যক।সমিতিৰ সমন্বয়ৰক্ষী হিচাপে আছে অধিবক্তা শান্তনু বৰঠাকুৰ,মনজিৎ মহন্ত আৰু লাচিত বৰদলৈ।ইয়াৰ উপৰিও সদস্য হিচাপে আছে হাইদৰ হুছেইন,নেকিবুৰ জামান,মীৰা বৰঠাকুৰৰ দৰে ব্যক্তিসকল।

সভাত অসম সংগ্ৰামী মঞ্চ,আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ,জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি,স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী গঠন সমিতি,খিলঞ্জীয়া জনগোষ্ঠীয় জনচেতনা মহাসংঘ,লিবাৰেল ডেমক্ৰেটিক দলৰ নেতৃত্ব  উপস্থিত আছিল।

উজানবজাৰৰ হোটেল পাৰ্ক ৰিভিয়েৰাত অনুষ্ঠিত বৈঠকখনৰ অন্তত সাংসদ অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন কৰি কয়-"২১ৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে অসমত ৰাইজৰ মাজত সৃষ্টি হৈছে আঞ্চলিকতাবাদী  ৰাজনৈতিক দলৰ অভাৱ ।কাৰণ,ৰাইজক বিশ্বাসঘাটকতা কৰি অগপ দল বিজেপিৰ সহযাত্ৰী হৈছে।গতিকে,ৰাইজে আশা কৰে ৰাজ্যৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী সকলো দল-শক্তি-সংগঠন ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে থিয় হোৱাটো।তাৰ বাবে গঠন কৰা হৈছে এই মঞ্চ।"


"দৃঢ়তাৰে ক'ব পাৰো এইবাৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ শাসনাধীন শাসকগোষ্ঠীক  উৎখাত কৰি দিছপুৰ দখল কৰিব।দিছপুৰ দখলৰ অংকত মূল শক্তি হৈ থিয় দিব মঞ্চ"- ভূ়ঞাই উল্লেখ কৰে।

তেওঁ আৰু কয়-"মঞ্চই যদি ভবিষ্যতে দলৰ ৰূপ লয়,সেয়া সময়ে ক'ব আৰু এয়া ঠিক কৰিব অসমৰ ৰাইজে।সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি,অবড়ো সুৰক্ষা সমিতি তথা বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনৰ সৈতে ইতিমধ্যে যোগাযোগ আৰম্ভ হৈছে।পৰ্যায়ক্ৰমে আহ্বায়ক সমিতিয়ে সকলোৰে লগত কৰিব আলোচনা।

"অসমৰ ৰাইজক আশ্বস্ত কৰাৰ উদ্যেশ্যৰে প্ৰথমে মঞ্চ শক্তিশালী কৰিব লাগিব।মঞ্চৰ কাৰ্যসূচীত উল্লেখ থাকিব সম্পদৰ ওপৰত অধিকাৰ,দিল্লীৰ শোষন-নিপীড়ণ,সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধীতা,জনগোষ্ঠীয় আন্দোলনসমূহত চৰকাৰৰ ভূমিকা আদি দিশসমূহ"-ভূঞাই কয়।


"জাতীয়তাবাদক শক্তিশালী কৰি ৰাইজৰ মাজলৈ এখন বহল মঞ্চ লৈ যোৱাৰ লগতে অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়া শাসক গোষ্ঠীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব মঞ্চই"-সাংসদ ভূঞাই লগতে মন্তব্য কৰে।

Your Comments