ক'ৰ'নাত আক্ৰান্ত প্ৰাক্তন পাকিস্তানী অধিনায়ক শ্বাহীদ আফ্ৰিদী

Afridi

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক তথা মাৰমুখী বেটছমেন শ্বাহীদ আফ্ৰিদী ক'ৰ'নাত আক্ৰান্ত হৈছে।এই কথা তেওঁ নিজেই টুইটাৰত উল্লেখ কৰিছে।শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে গুণমুগ্ধসকলৰ পৰা শুভেচ্ছা বিচাৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আফ্ৰিদী।উল্লেখ্য যে বিগত কিছুদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমালোচনাত মুখৰ হৈ আছিল শ্বাহীদ আফ্ৰিদী।আনহাতে,ক'ৰ'না আক্ৰান্ত দেশৰ তালিকাত ১৫ নম্বৰ স্থানত আছে পাকিস্তান।

Your Comments