জি-৭ বৈঠকক লৈ ট্ৰাম্পৰ নতুন ঘোষণা: বৈঠকত ভাৰতেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা

Trump

নিউজ ডেস্ক-
বিশ্ব স্বাস্থ্য সংস্থাৰে সম্পৰ্ক ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এইবাৰ জি-৭ বৈঠকক লৈ আমেৰিকা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে এক নতুন ঘোষণা।
চলিত জুন মাহৰ পৰিৱৰ্তে এইবাৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'ব জি-৭ৰ বৈঠক।এই ক্ষেত্ৰত ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে বৈঠকত মিলিত হোৱা দেশৰ তালিকা কিছু দিঘলীয়া কৰিবলৈও ইচ্ছা প্ৰকাশ কৰে। জানিব পৰা ম'তে ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখনত ভাৰতবৰ্ষলৈও নিমন্ত্ৰণী আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে।আনহাতে ভাৰতবৰ্ষৰ ওপৰিও উক্ত বৈঠকখনত ৰুছ,দক্ষিণ কোৰিয়া,আৰু অষ্ট্ৰেলিয়াকো নিমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।আনহাতে জি-৭বৈঠকক লৈ ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পে কয় যে- বৈঠকখন মই এইবাবেই স্থগিত ৰাখিলো যে মই নাভাৱো বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এয়া উপযোগী।লগতে তেওঁ উল্লেখ কৰে যে এয়া দেশসমূহৰ অতি পুৰণি গোট, ইয়াত কিছু নতুনত্বৰ প্ৰয়োজন আছে।উল্লেখ্য যে এই জি -৭ গোটত আমেৰিকাৰ উপৰিও ইটালী,জাপান,কানাডা,জাৰ্মানী,ব্ৰিটেইন আৰু ইউৰোপিয়ন ইউনিয়নো চামিল হৈ আছে।

Your Comments