অখিল গগৈৰ জামিন মঞ্জুৰ 'নিয়া'ৰ আদালতৰ

Pic

মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন মঞ্জুৰ।'নিয়া'ৰ গোচৰত কৃষক নেতা গগৈৰ জামিন মঞ্জুৰ কৰা হৈছে।চান্দমাৰি নিয়া আদালতে গগৈ জামিন মঞ্জুৰ কৰিছে।'নিয়া'আদালতৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে 'নিয়া'ৰ অধিবক্তা।

বুধবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে গগৈ।
 
'নিয়া' আদালতৰ ২০২৯/১৩গোচৰত জামিন মঞ্জুৰ।

ইফালে,অখিলৰ বিৰুদ্ধে চিআইডি আৰু বহুকেইখন থানাত ৰুজু হৈ আছে গোচৰ। সেই সমূহ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে গগৈক।

বৰ্তমান আদালতত উপস্থিত আছে অখিলৰ পত্নী গীতাশ্ৰী তামুলী,ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সদস্য প্ৰাঞ্জল কলিতা, প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি।

Your Comments