গোলাঘাট এমেচাৰ থিয়েটাৰৰ ১২৫ সংখ্যক বৰ্ষ উদযাপনৰ নাট সমাৰোহ আৰম্ভ         

Pic

গোলাঘাটৰ প্ৰতিবেদক:     

ঐতিহ্যমণ্ডিত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ ১২৫ সংখ্যক বৰ্ষ উদযাপনৰ অন্যতম কাৰ্যসূচী দ্বিতীয় নাট সমাৰোহ ১২ মাৰ্চৰ পৰা আৰম্ভ হৈছে।নাট সমাৰোহৰ প্ৰথম নিশা ১২ মাৰ্চত প্ৰয়াত নাট্যশিল্পী অজিত দত্তৰ সোঁৱৰণত নৱাগত পৰিচালক স্ৰোতস্বিনী তামুলীৰ ৰচনা আৰু পৰিচালনাত 'মৃগতৃষ্ণা-চেতনাৰ সেই নিৰৱধি  শ্ৰ্ৰোত'  মঞ্চস্থ কৰা    হয়।দ্বিতীয় নিশা ১৩ মাৰ্চত ছ'চাইটিৰ প্ৰবীন শিল্পী প্ৰয়াত ডা: চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত অনুপজ্যোতি চৌধুৰীৰ পৰিচালনাত  নাটক 'সত্য সূ্ৰ্য' আৰু 'দাঁত'  আৰু তৃতীয় নিশা ১৪ মাৰ্চত এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত পূৰ্নানন্দ গগৈৰ সোঁঁৱৰণত যোৰহাট থিয়েটাৰে পৱিত্ৰ বৰুৱাৰ পৰিচালনাত নিবেদন কৰিব কালজয়ী নাটক "ভোগজৰা"।এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ সভাপতি ডা:মানস ৰয় ,উপ-সভাপতি চন্দ্ৰ দত্ত প্ৰশাসনীয় সম্পাদক দীপমণি খাটনীয়াৰ , সাংস্কৃতিক সম্পাদক চিৰঞ্জিৎ বৰা আৰু বিত্তীয় সম্পাদক মৃদুল কাকতিয়ে  নাট সমাৰোহত সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি  কামনা কৰিছে।ইয়াৰ উপৰিও ছ'চাইটিৰ ১২৫ সংখ্যক বৰ্ষ উদযাপন উপলক্ষে গোলাঘাট শিশু ওমলা চ'ৰাৰ উদ্যোগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  দিৱসত ২৬ মাৰ্চত বুঢ়ী আইৰ সাধুৰ আধাৰত নাটকৰ মঞ্চায়ন আৰু ২৮ মাৰ্চত অনুষ্ঠিত হ'ব আলোচনা-চক্ৰ।গোলাঘাট এছ'চিয়েচন ,গুৱাহাটীৰ উদ্যোগত "সমাজ পৰিৱৰ্তনত পৰিবেশ্য কলাৰ ভূমিকা" শীৰ্ষক আলোচনা-চক্ৰত  আলোচকৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লোক সঙ্গীতজ্ঞ লোকনাথ গোস্বাামী,বিশিষ্ট নাট্য কৰ্মী  নয়ন প্ৰসাদ,লোক সংস্কৃতিৰ গৱেষক ড :অনিল শইকীয়া,বিশিষ্ট নৃত্য শিল্পী মল্লিকা কন্দদলী আৰু সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গে।

Your Comments