ৰূপালী পৰ্দাত জিলিকিব দীপালি-নীলপৱনৰ বৰুৱাৰ যুগমীয়া প্ৰেম

Nilpaban

নিউজ ডেস্ক :
ৰাজ্যবাসীৰ বাবে এটি সুখবৰ।শীঘ্ৰেই ৰূপালী পৰ্দাত উপভোগ কৰিবলৈ পাব  শিল্পী দীপালি বৰঠাকুৰ আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱা দাম্পত্তিৰ মধুৰ প্ৰেম কাহিনী।মালপানী টকীজৰ বেনাৰত নিৰ্মান হ'ব লগা বিশেষ ছবিখনৰ কথা বুধবাৰ এক সংবাদ মেলত ঘোষণা কৰে নিৰ্মান হ'ব লগা ছবিখনৰ তিনি প্ৰযোজক ক্ৰমে সঞ্জীৱ দে, মন্দাকিনী গোস্বামী আৰু অমৃত মালপানীয়ে।

গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদ মেলখন সম্বোধন কৰি প্ৰযোজক সঞ্জীৱ দেয়ে কয় যে "নিৰ্মান হ'ব লগা ছবিখনৰ বাবে এটা বিশেষ দলে কতো খুটি-নাতি ৰৈ নোযোৱাকৈ  দুয়োৰে জীৱন গৱেষনা কৰি প্ৰস্তুত কৰিছে ছবিখনৰ মূল কাহিনীভাগ৷বিগত এটা বর্ষ গৱেষণাৰ জৰিয়তে প্ৰস্তুত কৰি থকা কাহিনীটোৰ লিখা কাম এতিয়াও সমাপ্ত হোৱা নাই।

ইফালে ছবিখন নিৰ্মান কৰাৰ বাবে নীলপৱন বৰুৱাৰ পৰা ইতিমধ্যেই অনুমতি লোৱা বুলিও প্ৰযোজক দেয়ে জানিবলৈ দিছে।

উল্লেখ্য যে দীপালি বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেম কাহিনীক চিৰযুগমীয়া কৰি ৰখাৰ উপৰি বহুল ভিত্তিত প্ৰচাৰ কৰাৰ লক্ষ্যৰে নিৰ্মান কৰিব লগা ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম চলিত বর্ষৰ শেষৰ ফালে আৰম্ভ হ'ব বুলিও সংবাদ মেলত উল্লেখ কৰে ছবিখনৰ অন্য এগৰাকী প্ৰযোজক মন্দাকিনী গোস্বামীয়ে।তেওঁ লগতে কয় ছবিখনত অভিনয় কৰা বাবে অনুষ্ঠিত কৰা হ'ব বিশেষ অডিচনৰ।

উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাৱত ছবিখনৰ বিষয়ে ঘোষণা কৰাৰ সময়ত খোদ নীলপৱন বৰুৱাও উপস্থিত থাকে।

Your Comments