দুৰ্ঘটনাত আহত সাংবাদিক নৰেন শৰ্মা

Pic

নলবাৰী:দুৰ্ঘটনাত আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে সদ্য সমাপ্ত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সম্বৰ্দ্ধিত হোৱা সাংবাদিক নৰেন শৰ্মা৷উল্লেখযোগ্য যে যোৱা ২২ ফেব্ৰুৱাৰীৰ আবেলি শৰ্মাই হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৰ্ণখুুুমদুম গাঁঁৱৰ ৰাজহুৱা শিৱৰাত্ৰি পূজা উপলক্ষে আয়োজিত ধৰ্মালোচনী আৰু সম্বৰ্দ্ধনা সভাত অংশ লৈ নিজ গৃহ অভিমুখে চাইকেলৰে আহি আছিল৷আহি থাকোতে নিশা ৮-৩০ বজাত মৰোৱা কমলপুৰ পথৰ দেহাৰকুছি চ'কৰ ওচৰত সন্মুখৰ পৰা অহা এখন তীব্ৰ বেগী  ডাম্পাৰক পথ এৰি দিয়াৰ সময়ত চাইদবাম বিহীন পথটোত শৰ্মা উবুৰি খাই পৰে৷পথত পৰি অচেতন অৱস্থাত থকা শর্মাক পথচাৰীয়ে উঠাই আনি ওচৰৰ এঘৰ মানুহৰ পদূলিত প্ৰাথমিক চিকিৎসা দিয়ে৷ঘটনাৰ খবৰ পোৱা মাত্ৰকে স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক হেমেন কুমাৰ শৰ্মাই আহি শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্থানীয় একাংশ সচেতন নাগৰিকে নিজ গৃহলৈ লৈ যায়৷সোহাঁতখনৰ হাঁঁড়ত আঘাটপ্ৰাপ্ত শৰ্মাৰ হাঁঁড়ত ফাট মেলিছে বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ কৰিছে৷বৰ্তমান শৰ্মা নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছে।

Your Comments