যুৱ-ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সভাপতি খলিল আহমেদ বৰভূঞাৰ অকাল বিয়োগ

Pic

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী:

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সভাপতি খলিল আহমেদ বৰভূঞাৰ শুকুৰবাৰৰ মাজনিশা অকাল মৃত্যু ঘটে।বৰাক উপত্যকাৰ 'কা' বিৰোধী আন্দোলনত সদায় সম্মুখৰ শাৰীৰ পৰা নেতৃত্ব দিয়া এইগৰাকী যুৱ নেতাৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে বৰাকৰ সমাজ-সচেতন মহলে।
কিছুদিন পূৰ্বে,আলগাপুৰত 
বিশাল 'কা' বিৰোধী আন্দোলনত অংশ লোৱা এইগৰাকী যুৱ-ছাত্ৰ নেতাৰ অকাল মৃত্যুত সমাজৰ  অপূৰণীয় ক্ষতি হ'ল বুলি মত প্ৰকাশ কৰিছে হাইলাকান্দি জিলাৰ লগতে বৰাকৰ বিভিন্ন দল-সংগ‌ঠনে।

Your Comments