নগাঁৱত দেৱকান্ত বৰুৱাক সোঁৱৰণ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলন আৰু অকণিৰ সাহিত্য সভাৰ সহযোগত শনিবাৰে নগাঁও চহৰৰ ফৌজদাৰিপট্টিস্থিত দেৱকান্ত বৰুৱাৰ স্মৃতিবিজড়িত বাসগৃহৰ চোতালত অনুষ্ঠিত হয় দেৱকান্ত বৰুৱা সোঁৱৰণ শীৰ্ষক অনুষ্ঠান । নগাঁও জিলা কবি সন্মিলনৰ উপসভাপতি দিজেন্দ্ৰনাথ হাজৰিকা আৰু অশোকৰাম ভট্টই দেৱকান্ত বৰুৱা আৰু প্ৰণৱ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা 'শব্দবোৰ শইচৰ জোনাক'ত শীৰ্ষক কাব্যগ্ৰন্থৰ স্ৰষ্টা সদ্যপ্ৰয়াত ৰূপম কুমাৰ শৰ্মাৰ স্মৃতিত এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পাছতেই দিজেন্দ্ৰনাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই কথা আৰু কবিতাৰে দেৱকান্ত বৰুৱা আৰু প্ৰণৱ বৰুৱাৰ স্মৃতিচাৰণ কৰে । বিশিষ্ট আবৃত্তিকাৰ বসন্ত কৌশিক ভাগৱতী, দূৰ্গেশ্বৰ বৰকটকী, অশোকৰাম ভট্ট, দুলাল বৰা,  জ্যেষ্ঠ সাংবাদিক আবু হানিফা,  সুশান্ত বৰা, ৰাজু সমীৰণ, মধু চৌধুৰী, সঞ্জীৱ সাগৰ চৌধুৰী, বৰ্ণালী ভৰালী ডেকা, ইমদাদ হুছেইন, হাচিনা মমতাজ, জোনমণি গগৈ, জোনাক প্ৰিয়ম কাশ্যপ, ৰূপম নাথ, ৰাতুল শৰ্মা প্ৰমূখ্যে কবিসকলে দেৱকান্ত বৰুৱাৰ কবিতাৰ আবৃত্তি আৰু স্বৰচিত কবিতা পাঠৰে মুখৰ কৰি তোলে দেৱকান্তৰ চোতাল । কিশোৰ সমৰজিৎ শইকীয়াৰ সুন্দৰ আবৃত্তি, পৱন শৰ্মা আৰু মদাৰজ্যোতিৰ পৰিচালনাৰে সামৰণি পৰা অনুষ্ঠানত দেৱকান্ত বৰুৱাৰ স্মৃতি বিজড়িত ঘৰটোৰ বৰ্তমানৰ স্বত্বাধিকাৰ চামচুল ইছলাম বক্সিলৈ সকলোৱে সাহিত্যিকজনাৰ স্মৃতি বিজড়িত ঘৰটোৰ সংৰক্ষণৰ বাবে আহ্বান জনায় ।

Your Comments