দিপলাংৰ মৰ’ৰ থানত দুদিনীয়াকৈ মহা শিৱৰাত্ৰিৰ আয়োজন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ ঐতিহ্যমণ্ডিত মৰ’ৰ থান দিপলাংত অহা ২১ আৰু ২২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ বাৰোৱাৰী মহা শিৱৰাত্ৰিৰ আয়োজন কৰিছে৷তদুপলক্ষে প্ৰথম দিনা পুৱা আঠ বজাত ধৰ্মধ্বজা উত্তোলন,৮-১৫ বজাত কাৰ্য্যালয় মুকলি,৮-৩০ প্ৰয়াত ৰাজ্যবালা সোঁঁৱৰণি ৰভাৰ দ্বাৰ মুকলি,ন বজাত স্মৃতি তৰ্পণ,দহ বজাত কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন,বৃক্ষৰোপন,১০-৩০ বজাত আয়তীৰ নাম।দুপৰীয়া ১২ বজাত পাঠক ধনমণি লহকৰৰ নাগাৰা নাম প্ৰদৰ্শন উদ্বোধন কৰিব বিজেপি ৰাজ্যিক সমিতিৰ মিডিয়া কোষৰ সহ-আহ্বায়ক নিবাৰণ লহকৰে।পৰৱৰ্তী পৰ্যায়ত মহাপ্ৰভুৰ ভোগ বিতৰণ।সন্ধিয়া পাঁঁচ বজাত ভাগৱত পাঠ।৫-৩০ বজাত আৰতি প্ৰদান কৰিব পৰ্য্যটন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতাই।৫-৪৫ বজাত কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন,ছয় বজাত পূজাৰম্ভ।৬-৩০ বজাত পাঠক মিলন কলিতাৰ নাগাৰা নাম প্ৰদৰ্শন উদ্বোধন কৰিব সমাজকৰ্মী ৰাতুল শৰ্মাই।নিশা আঠ বজাত টোপধ্বনি,১২ বজাত পুস্পাঞ্জলী আৰু প্ৰসাদ বিতৰণ।দ্বিতীয় দিনা পুৱা আঠ বজাত স্বচ্ছ ভাৰত অভিযান,৮-৩০ বজাত কেইবাজনো বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন,ন বজাত বৃক্ষৰোপণ,১১বজাত আয়তী নাম,দুপৰীয়া এক বজাত মহাপ্ৰভুৰ ভোগ বিতৰণ।আবেলি চাৰি বজাত পাঠক ভৱেন চন্দ্ৰ কলিতা আৰু পাৰ্থপ্ৰতিম তালুকদাৰৰ নাগাৰা নাম প্ৰদৰ্শন উদ্বোধন কৰিব 'এমট্ৰন'ৰ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই।সন্ধিয়া কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন,৫-৩০ বজাত মূল মন্দিৰৰ আৰতি প্ৰদান কৰিব সমাজকৰ্মী দিলীপ শৰ্মাই।সাত বজাত টোপধ্বনি।ইতিমধ্যে পূজা পৰিচালনাৰ বাবে প্ৰতাপ কলিতাক সভাপতি,কৰুণা কলিতাক কাৰ্য্যকৰী সভাপতি,চন্দ্ৰ ভূঞা,গোবিন্দ কলিতা,হৰিচৰণ কলিতাক উপ-সভাপতি,জিতু কলিতা আৰু পৰেশ কলিতাক সম্পাদক,বুবুল কলিতা,বিপূল কলিতা,দিগন্ত কলিতাক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰিছে৷অতি প্ৰাচীন কালৰ উক্ত থানখনৰ মূল মন্দিৰৰ নিৰ্মাণকাৰ্য্য চলি আছে৷উক্ত নিৰ্মাণৰ সাহাৰ্য্যৰ্থে অহা ব'হাগ মাহৰ পূৰ্ণিমা তিথিত এটি লটাৰী খেলৰ আয়োজন কৰা বুলি উন্নয়ন সমিতিৰ সভাপতি বাপুকণ কলিতা আৰু সম্পাদক সৰ্বেশ্বৰ কলিতাই জানিবলৈ দিয়ে৷

Your Comments