"দিল্লীবাসীয়ে দেশবাসীৰ আগত 'কামৰ ৰাজনীতি'ৰ আদর্শ দাঙি ধৰিলে"-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অৰৱিন্দ কেজৰিৱাল

Pic

দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত  তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 'আপ'ৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰৱিন্দ কেজৰিৱালে।কেজৰিৱালৰে সৈতে আপৰ ছয়জন বিধায়কে মন্ত্ৰী হিচাপে শপত ল'লে।শপত গ্ৰহণ অনুষ্ঠানৰ পিছত কেজৰিৱালে ভাষণ প্ৰসংগত কয় যে 'আপ'ৰ জয় দিল্লীৰ জনতাৰ জয়।দিল্লীৰ প্ৰতিগৰাকী মাতৃ,প্ৰতিগৰাকী ভগ্নী,প্ৰতিগৰাকী যুৱক-যুৱতীৰ জয়।কেজৰিৱালে কয় যে দিল্লীবাসীয়ে দেশক এটা নতুন ধৰণৰ ৰাজনীতিৰ আদৰ্শ দাঙি ধৰিলে।সেয়া হৈছে কামৰ ৰাজনীতি,হাস্পতালৰ ৰাজনীতি,বিদ্যুতৰ ৰাজনীতি,পানীৰ ৰাজনীতি,ভ্ৰষ্টাচাৰমুক্ত ভাৰতৰ ৰাজনীতি।বিনামূলীয়া আৰু সস্তা পানী,বিজুলী দিয়াৰ প্ৰসংগত তেওঁ কয় যে প্ৰকৃতিৰ প্ৰতিটো মূল্যৱান সম্পদ বিনামূলীয়াকৈ পোৱা যায়।কেজৰিৱালে সকলো ৰাজনৈতিক দলৰ সহযোগত দিল্লীৰ উন্নয়নৰ বাবে আগন্তুক পাঁচ বছৰৰ কাম কৰি যাব বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে।তেওঁ কেন্দ্ৰৰ সহযোগিতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদ বিচাৰে।শপত গ্ৰহণ অনুষ্ঠানৰ অৰৱিন্দ কেজৰিৱালৰ ভাষণত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন প্ৰস্তুতিৰে  ৰাজনীতি কৰাৰ ইংগিত স্পষ্ট হ'ল।

Your Comments