উখুৰাত অগ্নিকাণ্ড,ভষ্মীভুত তিনিটা দোকান-গৃহ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত উখুৰা গাঁও নিবাসী পৰেশ ডেকাৰ দোকানত জুই লাগি প্ৰায় দহ লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত হয়। প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা প্ৰায় ৯-৩০ বজাত কমাৰকুছি-নলবাৰী পথৰ উখুৰা চ'কত থকা ডেকাৰ টেন্ট হাউচৰ দোকানৰ পৰা ওলোৱা জুই আৰু ধোঁঁৱা দেখি স্থানীয় লোকৰ  মাজত হুৱা-দুৱা লাগে।লগে লগে স্থানীয় ৰাইজে জুই নুমুুৱাবলৈ তৎপৰ হয় যদিও ইতিমধ্যে আচবাবসহ তিনিটা কোঠা,ইয়াৰে এখন ৰুবুল ডেকাৰ ষ্টেছনাৰী দোকান ভষ্মীভূত হয়। প্ৰায় দহ লক্ষাধিক টকাৰ সা- সামগ্ৰী, টেণ্ট হাউচৰ ব্যৱসায়ৰ ডাইনিং চকী মেজ, কাপোৰ,আলমাৰী,বয়-বস্তু ধ্বংস হয়।প্ৰায় এঘণ্টা ধৰি হোৱা এই অগ্নিকাণ্ড বৈদ্যুতিক বিঁঁজুতিৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে।  অগ্নিনিৰ্বাপক বাহিনীয়ে শেষত জুই নুমুৱাবলৈ সক্ষম হয়।

Your Comments