ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱনা 'বিটিআৰ'ত:নতুন দলৰ সৈতেও বিজেপিৰ মিত্ৰতাৰ ইংগিত ৰণজিৎ দাসৰ

Pic

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড:

'বিটিআৰ'ত সম্প্রতি বিপিএফ দলৰ স'তে মিত্রতা থাকিলেও নতুন ৰাজনৈতিক দলৰ সৈতেও বিজেপিৰ দুৱাৰ মুকলি আছে।মুঠ কথা আগন্তুক নির্বাচনত বিটিআৰত বিজেপিয়ে  শপৰিষদ গঠন কৰাটো নিশ্চিত।শুকুৰবাৰে বৰপেটাৰোডত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।সাংবাদিকৰ আগত দাসে কয় যে বিটিআৰত শেহতীয়াকৈ দলৰ সাংগঠনিক ভেটি মজবুত হৈছে।তেওঁ উল্লেখ কৰে যে বিজেপিয়ে অহা ২৫ ফেব্ৰুৱাৰীত বিটিআৰৰ চাৰিওখন জিলাৰ জিলা সভাপতি-সম্পাদক , মণ্ডল সভাপতি-সম্পাদক,অন্য বিষয়ববীয়া,শুভাকাংক্ষীক লৈ কেন্দ্রীয়ভাৱে এখন সাংগঠনিক সভা অনুষ্ঠিত কৰিব।এই সভাতে ৪০টা পৰিষদীয়  সমষ্টিৰ ভিতৰত বিজেপিয়ে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব সেয়া থিৰাং কৰা হ'ব।তেওঁ কয় যে আগন্তুক পৰিষদীয় নির্বাচনত বিপিএফৰ স'তে মিত্রতা থাকিলেও নতুনকৈ গঠিত হ'বলগীয়া  ৰাজনৈতিক দলৰ বাবেও মিত্ৰতাৰ দুৱাৰ মুকলি থাকিব।

 

Your Comments