ঘগ্ৰাপাৰৰ কঞাঁঁকুছিৰ সৰবৰহী মহিলা নেছা খাতুনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁকুছি গাঁও নিৱাসী সৰবৰহী মহিলা নেছা খাতুনৰ বুুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ৷ জানিব পৰা পুৱা ফজৰৰ নামাজ সমাপন কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে জিএনআৰচিলৈ নি থকা পথত শেষ নিশ্বাস ত্যাগ কৰে৷তেওঁঁৰ মৃত্যুত ঘগ্ৰাপাৰৰ বিভিন্ন দল -সংগঠনৰ লগতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,প্ৰাক্তন বিধায়ক মদন কলিতা,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞা,ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,ঘগ্ৰাপাৰ আঞ্চলিক যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,কংগ্ৰেছ,অগপ,বিজেপি আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ জ্যেষ্ঠ সাংবাদিক তথা বৰপুত্ৰ ফাইজুৰ ৰহমান, অসম জাতীয়তাবাদী যূৱ- ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক তথা দ্বিতীয় পুত্ৰ ছফিকুৰ ৰহমানসহ তিনি পুত্ৰৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়।

Your Comments