জুৰীয়াত পিষ্টল-গুলীসহ ধৃত ডকাইত

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাত সঘনাই অস্ত্ৰ-সস্ত্ৰসহ দুৰ্বৃত্ত গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাইজক আতংকগ্ৰস্ত কৰি ৰখাৰ মাজতেই সোমবাৰৰ নিশাও নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ)মোহন লাল মীনা,উপ আৰক্ষী অধীক্ষক জন দাস,জুৰীয়া আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই জুৰীয়াৰ তিনিচুকীয়াৰ পৰা অস্ত্ৰ-সস্ত্ৰসহ এটা কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰে।ধৃত ডকাইতটোৰ নাম নজৰুল ইছলাম।আৰক্ষীয়ে ডকাইতটোৰ হাতৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল,এজাঁই সক্ৰিয় গুলী,কেইবাটাও কনটেইনাৰ আৰু পেকেটত ভৰাই থোৱা অৱস্থাত কিছু পৰিমাণৰ ড্ৰাগছো জব্দ কৰে।ডকাইতিটোৱে ডকাইতিৰ পৰিকল্পনা কৰি থকা বুলি আৰক্ষীয়ে চোৰাংচোৱাৰ জৰিয়তে খবৰ লাভ কৰিছিল।তদুুুপৰি,জিলাখনৰ একাধিক ডকাইতিৰ ঘটনাৰ লগতো জড়িত বুলি আৰক্ষী সূত্ৰই জনাইছে।ধৃত ডকাইতটো ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।


 

Your Comments