কংগ্ৰেছ নেতা বাপুকন আলীৰ নিলম্বন প্ৰত্যাহাৰ

Bapukan

বাহাৰঘাটৰ পৰা নৰেন শর্মাৰ প্ৰতিবেদন:

দীৰ্ঘদিন ধৰি নিলম্বিত হৈ থকা যুৱ কংগ্ৰেছ নেতা বাপুকণ আলীৰ নিলম্বন যোৱা তিনি ফেব্ৰুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰত্যাহাৰ কৰে৷উল্লেখ্য যে যোৱা বৰ্ষৰ চেপ্তেম্বৰ মাহত অসম প্ৰদেশ কংগ্ৰেছ দলৰ  সভাপতি ৰিপুন বৰাই Apcc/order/susp/19/1-19dt 30-9-19 মৰ্মে দলীয় অনুশাসন ভংগৰ অভিযোগ তুলি আলীক নিলম্বন কৰিছিল৷বৰ্তমান আলীৰ বিৰুদ্ধে উঠা সকলো অভিযোগ খণ্ডন হোৱাত যোৱা তিনি ফেব্ৰুৱাৰীত সভাপতি বৰাৰ নিৰ্দেশ মৰ্মে সম্পাদক ৰঞ্জন বৰাৰ স্বাক্ষৰিত Apcc/order/w/02 dt 03/02/2020 অৰ্ডাৰ যোগে নিলম্বন প্ৰত্যাহাৰ কৰে৷আলীৰ নিলম্বন প্ৰত্যাহাৰ হোৱাত হাজো সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷

Your Comments